November 24, 2025 8:57 PM

views 61

২১ লাখ বিসঙ্গতিপূর্ণ ফোন নম্বৰ আৰু বিসঙ্গতিপূৰ্ণ মেছেজ পঠিওৱা ১ লাখ উৎসৰ বিৰুদ্ধে গোচৰ ৰুজু ভাৰতীয় দূৰসংযোগ নিয়ামক প্ৰাধিকৰণৰ

ভাৰতীয় দূৰসংযোগ নিয়ামক প্ৰাধিকৰণে এই বছৰটোত ২১ লাখ বিসঙ্গতিপূর্ণ ফোন নম্বৰ আৰু বিসঙ্গতিপূৰ্ণ মেছেজ পঠিওৱা ১ লাখ উৎসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ভাৰতীয় নাগৰিকসকলে ৰুজু কৰা গোচৰৰ ভিত্তিত প্ৰাধিকৰণে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে সমগ্ৰ দেশতে দূৰসংযোগ ব্যৱস্থাৰ ক্ষেত্ৰখনত হোৱা অপপ্ৰয়োগৰ বাবে গ্ৰাহকসকলে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তৎকালীনভাৱে ল'ব পৰা উপায় হিচাপে গ্রাহকসকলক ডি এন ডি ব্যৱস্থাৰ সহায় ল'ব পাৰে। ইয়াৰ জৰিয়তে প্ৰাধ...

January 7, 2025 8:54 PM

views 54

টেলিকম কোম্পানীসমূহৰ বিকৃত উচ্চাৰণেৰে চাইবাৰ সজাগতা সম্পৰ্কীয় বাৰ্তা প্ৰেৰণ সম্পৰ্কত বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়া

যোৱা কিছুদিনত টেলিফোন কৰাৰ সময়ত টেলিকম কোম্পানীসমূহে গ্ৰাহকৰ মোবাইল ফোনলৈ অতি বিকৃত উচ্চাৰণেৰে চাইবাৰ সজাগতা সম্পৰ্কীয় এটা বাৰ্তা প্ৰেৰণ সম্পৰ্কত বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্থাই আজি এই বিজ্ঞাপনটো সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত ছাত্ৰ সংগঠনটোৱে এই বিভ্ৰান্তিকৰ বাৰ্তাৰ প্ৰচাৰে ধ্ৰুপদী মর্যাদা লাভ কৰা অসমীয়া ভাষাৰ অৱমাননা কৰা বুলি অভিযোগ কৰিছে আৰু অবিলম্বে এই বাৰ্তাৰ প্ৰচাৰ বন্ধ কৰিবলৈ পত্রযোগে প্রধানমন্ত্ৰী আৰু...

August 2, 2024 3:15 PM

views 54

সম্প্ৰতি দেশৰ ৯৫ শতাংশতকৈও অধিক গাঁৱক 3-G আৰু 4-G জি মোবাইল সংযোগ ব্যৱস্থাৰ জৰিয়তে ইণ্টাৰনেট সেৱাই সামৰি লৈছে

দেশৰ ৯৫ শতাংশতকৈও অধিক গাঁৱক সম্প্ৰতি 3-G আৰু 4-G জি মোবাইল সংযোগ ব্যৱস্থাৰ জৰিয়তে ইণ্টাৰনেট সেৱাই সামৰি লৈছে। চৰকাৰী তথ্য অনুসৰি সমগ্ৰ দেশৰ প্ৰায় ৬ লাখ ৪৪ হাজাৰখন গাঁৱৰ ভিতৰত চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে প্ৰায় ৬ লাখ ১৩ হাজাৰখন গাঁৱক ইণ্টাৰনেট সেৱাই সামৰি লৈছে। একেদৰে এই সময়ছোৱালৈ ইণ্টাৰনেট সেৱা গ্ৰহণ কৰা মুঠ ৯৫ কোটি ৪৪ লাখ উপভোক্তাৰ ভিতৰত ৩৯ কোটি ৮৩ লাখতকৈও অধিক সংখ্যক উপভোক্তা গ্ৰামাঞ্চলৰ বুলি এই তথ্যত প্ৰকাশ পাইছে।