January 26, 2025 8:55 PM

views 39

তেলেংগানাৰ ৱাৰংগল জিলাৰ মামুনুৰু ট্রাক-অট’ৰিক্সাৰ সংঘৰ্ষত ৫ গৰাকী লোকৰ মৃত্যু

তেলেংগানাৰ ৱাৰংগল জিলাৰ মামুনুৰু ঘাইপথত লোহাৰ সামগ্ৰী কঢ়িয়াই অহা এখন ট্রাকে নিয়ন্ত্রণ হেৰুৱাই দুখন অট'ৰিক্সাক খুন্দাৰ মৰাৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হয়। ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ৱাৰংগল জিলাৰ মামুনুৰু ঘাইপথৰ সমীপেৰে যাত্ৰা কৰি থকা সামগ্ৰী পৰিবাহী ট্রাকখনৰ বিজুতিৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত কাষেৰে পাৰ হৈ যোৱা অট'ৰিক্সা দুখনক খুন্দা মাৰে। এই ঘটনাৰ উদ্ধাৰকাৰ্য চলি থকা হেতুকে স্থানীয় প্রশাসনে মৃত্যু হোৱা লোকৰ সংখ্যা অধিক হ'ব পাৰে বুলি আশংকা কৰিছে। আৰক্ষীয়ে ঘটন...