June 24, 2026 2:26 PM

views 29

তেহৰানত থকা ভাৰতীয় দূতাবাসে ইৰানৰ সুৰক্ষা পৰিস্থিতি উন্নত হোৱালৈ চাই ভাৰতৰ নাগৰিকৰ বাবে সংশোধিত পৰামৰ্শ জাৰি কৰিছে

তেহৰানত থকা ভাৰতীয় দূতাবাসে ইৰানৰ সুৰক্ষা পৰিস্থিতি উন্নত হোৱালৈ চাই ভাৰতৰ নাগৰিকৰ বাবে সংশোধিত পৰামৰ্শ জাৰি কৰিছে। শেহতীয়া ইতিবাচক ঘটনাক্ৰম আৰু সামগ্রিক পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দূতাবাসে ভাৰতীয় নাগৰিকসকলক গমিপিতি চাইহে ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাৰি নকৰা পৰ্যন্ত অনাৱশ্যকীয় ইৰান ভ্রমণ এৰাই চলিবলৈ কোৱা হৈছে। দূতাবাস কৰ্তৃপক্ষই সম্প্ৰতি ইৰানত থকা ভাৰতীয় নাগৰিক আৰু অনাৱশ্যকীয় কাৰণত দেশখনলৈ যাবলগীয়া হোৱাসকলক সতর্কতা অৱলম্বন কৰিবলৈ আৰু পৰিস্থিত...