September 24, 2024 7:28 PM

views 62

তামুলপুৰত চতুৰ্থ ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা অতিৰিক্ত আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

তামুলপুৰ জিলাত সমাগত চতুৰ্থ ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলাৰ অতিৰিক্ত আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থকা এই বৈঠকত বিভাগসমূহৰ অধীনত চলি থকা কাম-কাজৰ প্ৰত্যাহ্বান আৰু তাৰ সমাধান সম্পৰ্কে অতিৰিক্ত আয়ুক্তই সংশ্লিষ্ট বিষয়াসকলৰ পৰা মতামত বিচাৰে। উল্লেখযোগ্য যে এইবাৰ হ'বলগীয়া চতুৰ্থ ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনৰ মূল বিষয় হৈছে- উদ্যমশীলতা, নিযুক্তি আৰু দক্ষতা বৃদ্ধি, জনগাঁথনিগত লভ্যাংশৰ উত্তৰণ। আজি বৈঠকত অত...