October 14, 2024 6:29 PM

views 24

কেৰালাত তামিল-মালায়লম চলচ্চিত্র অভিনেতা বালাক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কোচি চহৰ আৰক্ষীৰ

কেৰালাত তামিল-মালায়লম চলচ্চিত্র অভিনেতা বালাক আজি পুৱা কোচি চহৰ আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে। প্ৰাক্তন পত্নীৰ এজাহাৰৰ ভিত্তিত অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ প্ৰাক্তন পত্নী গায়িকা অমৃতা সুৰেশে সামাজিক মাধ্যমযোগে তেওঁক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰাৰ লগতে সামাজিক মাধ্যমৰ এই পোষ্টে তেওঁলোকৰ ১২ বছৰীয়া কন্যাক আৱেগিকভাৱে আঘাত কৰা বুলি দাবী কৰিছিল। আৰক্ষীয়ে বালাৰ বিৰুদ্ধে জুভেনাইল ন্যায় আইনৰ অধীনত আন এটা গোচৰো ৰুজু কৰিছে। আজি তেওঁক আদালতত হাজিৰ কৰোৱা হয়।