November 22, 2025 8:51 PM

views 28

তেলেংগানাত চিপিআই মাওবাদীৰ ৩৭ গৰাকী সদস্যৰ অস্ত্র সম্বৰন

তেলেংগানাত নিষিদ্ধ ঘোষিত চিপিআই মাওবাদীৰ ৩৭ গৰাকী সদস্যই আজি হায়দৰাবাদত আৰক্ষী সঞ্চালক প্রধান বি শিবধৰৰ সন্মুখত অস্ত্র সম্বৰন কৰে। ইয়াৰ ভিতৰত ৰাজ্যিক কমিটিৰ তিনি গৰাকী জ্যেষ্ঠ সদস্য আৰু ২৫ গৰাকী মহিলা আছে। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সাংবাদিকৰ আগত কয়, যে ৰাজ্য চৰকাৰে অলপতে হিংসা পৰিহাৰ কৰি সমাজৰ মূল সুঁতিলৈ উভতি অহাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই সদস্য কেইগৰাকীয়ে অস্ত্র সম্বৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁ কয়, যে অবিৰতভাবে চলাই থকা অভিযান সংগঠনৰ ভিতৰচৰাৰ মত পাৰ্থক্য আৰু আহ-যাহৰ ক্...