November 13, 2025 7:59 PM

views 66

শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ বৈঠক

অসম গণ পৰিষদ দলে আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মূলতঃ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত অসম গণ পৰিষদৰ হৈ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্রদীপ হাজৰিকা, ভৱেন ভৰালী, পৃথ্বীৰাজ ৰাভা আৰু পোনাকন বৰুৱাই অংশগ্ৰহণ কৰে। সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদৰ হৈ বসন্ত গগৈ আৰু দিগন্ত তামুলী উপস্থিত থাকে। অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা সাংসদ বীৰেন্দ্ৰ প...