October 30, 2025 8:14 PM

views 132

আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান

আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ আজি আগবেলা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হোৱা চৈয়দ ছাদুল্লাক উন্নত চিকিৎ‍সাৰ বাবে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু আজি দিনৰ প্ৰায় চাৰে ১০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ নালিয়াপুলত জন্মগ্রহণ কৰা চৈয়দ ছাদুল্লা শৈশৱৰে পৰা বিভিন্ন বাদ্যযন্ত...