September 29, 2025 6:06 PM

views 118

সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈ ৯ লাখতকৈ অধিক স্বাস্থ্য শিবিৰ মুকলি কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ প্ৰকাশ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কৈছে যে, সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈ ৯ লাখতকৈ অধিক স্বাস্থ্য শিবিৰ মুকলি কৰা হৈছে। নতুন দিল্লীত আয়োজিত এটা স্বাস্থ্য অভিৱৰ্তনত শ্রী নাড্ডাই কয়, যে দেশৰ তিনি কোটি ৬০ লাখ লোকৰ এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু ২ অক্টোবৰৰ ভিতৰত এই সংখ্যা বৃদ্ধি পাব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ স্বাস্থ্য ক্ষেত্ৰৰ দৃষ্টিভংগী সর্বাত্মক হৈ পৰিছে বুলি তেওঁ মতপ্রকাশ কৰে।