January 29, 2025 11:49 AM

views 24

হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ পেহোৱাত আজি আন্তঃৰাষ্ট্ৰীয় সৰস্বতী মহোৎসৱ আৰম্ভ

হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ পেহোৱা সৰস্বতী তীৰ্থত আজি আন্তঃৰাষ্ট্ৰীয় সৰস্বতী মহোৎসৱ আৰম্ভ হ'ব। মুখ্যমন্ত্রী নয়ব সিং চাইনীয়ে এই মহোৎসৱৰ উদ্বোধন কৰিব। সাত দিনীয়া মহোৎসৱৰ সময়ছোৱাত ২ ফেব্ৰুৱাৰীলৈকে মূল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে এই মহোৎসৱত ৪ ফেব্ৰুৱাৰীলৈকে চৰস মেলা অনুষ্ঠিত হ'ব। হাৰিয়ানা সৰস্বতী ঐতিহ্য উন্নয়ন বোর্ডৰ উপ সভাপতি ধুমন সিঙে জনোৱা মতে এইবাৰ আদিবদ্ৰীৰ পৰা ৰান অফ কচ্চলৈকে সৰস্বতী নদীৰ পথৰ সকলো ঐতিহাসিক তীৰ্থস্থানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।