December 21, 2024 7:56 PM

views 25

গণ শিল্পী সূৰ্য দাসৰ দেহাৱসান

মানুহ দেখিছো আজি, বহুত মানুহ, শীৰ্ষক গীতটিৰে অগণন শ্রোতা-জনতাৰ হৃদয়ত স্থান লাভ কৰা গণ শিল্পী সূৰ্য দাসৰ অন্ত্যোষ্টিক্রিয়া কিছু সময় পূৰ্বে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়। নগাঁও জিলাৰ ধৰ্মতুলত আজি পুৱা দেহাৱসান ঘটা গণ শিল্পী সূৰ্য দাসৰ নশ্বৰ দেহ গুৱাহাটীৰ গণেশ মন্দিৰ পথৰ বাসগৃহলৈ অনাৰ পাছত বহু লোকে তেওঁক শেষ শ্রদ্ধা জ্ঞাপন কৰে। কেইবাটাও জীৱনমুখী গীতেৰে জনতাৰ শিল্পী হৈ উঠা সূৰ্য দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৬ বছৰ। অসম সাহিত্যসভাৰ বিষ্ণু ৰাভা বঁটাকে ধৰি ভালেমান বঁটা আৰু সন্মানেৰে সন্মানিত সূৰ্য ...