June 16, 2025 1:16 PM

views 33

চুৰিনামলৈ পেচন ফ্রুট প্রচেছিঙৰ বাবে দ্বিতীয় আৰু অন্তিম খেপত ভাৰতৰ যন্ত্রপাতি প্ৰেৰণ

ভাৰতে ছিড়ছ (এছএমইএছৰ দক্ষ বিকাশৰ বাবে সঁজুলি যোগান) পদক্ষেপৰ অধীনত চুৰিনামলৈ পেচন ফ্রুট প্রচেছিঙৰ বাবে দ্বিতীয় আৰু অন্তিম খেপত যন্ত্রপাতি প্ৰেৰণ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে ইয়াৰ লক্ষ্য হৈছে চুৰিনামৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু কৃষকৰ আয় বৃদ্ধি কৰা। এই প্ৰকল্পৰ জৰিয়তে ভাৰত-চুৰিনামৰ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় হ'ব বুলি মন্ত্ৰালয়ে লগতে উল্লেখ কৰে।

November 17, 2024 11:52 AM

views 39

দক্ষিন আমেৰিকাৰ দেশ চুৰিনামলৈ ভাৰতৰ প্ৰায় ৪২৫ মেট্রিক টন খাদ্য শস্য আৰু অন্যান্য খাদ্য সামগ্ৰীৰ প্ৰথমটো খেপ প্ৰেৰণ

ভাৰতে দক্ষিন আমেৰিকাৰ দেশ চুৰিনামলৈ প্ৰায় ৪২৫ মেট্রিক টন খাদ্য শস্য আৰু অন্যান্য খাদ্য সামগ্ৰীৰ প্ৰথমটো খেপ প্ৰেৰণ কৰিছে। ভাৰতৰ সমাজ কল্যাণ কাৰ্যসূচীৰ অধীনত এই এই খাদ্যশস্য প্রেৰণ কৰা হৈছে। উল্লেখ্য ভাৰতে, চুৰিনামৰ সৈতে দীৰ্ঘদিনৰ পৰাই ঘনিষ্ঠ আৰু বন্ধুত্বপূর্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে।, ১৯৭৬ চনত ভাৰত আৰু চুৰিনামৰ মাজত কূটনৈতিক সম্পর্ক স্থাপন হৈছিল। ইয়াৰ পিছতে ১৯৭৭ চনত পাৰামাৰিবোত ভাৰতীয় দূতাবাস আৰু ২০০০ চনত নতুন দিল্লীত চুৰিনামৰ দূতাবাস মুকলি কৰা হয়। ইয়াৰ পিছৰে পৰাই দেশদুখনৰ মাজত সম্পর্ক অব্য...