August 23, 2025 1:50 PM

views 34

জ্যেষ্ঠ কমিউনিষ্ট নেতা তথা প্রাক্তন সাংসদ ছুৰাভৰম সুধাকৰ ৰেড্ডীৰ দেহাৱসান

জ্যেষ্ঠ কমিউনিষ্ট নেতা তথা প্রাক্তন সাংসদ ছুৰাভৰম সুধাকৰ ৰেড্ডীৰ কালি হায়দাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ। তেওঁ ২০১২ৰ পৰা ২০১৯ চনৰৈ চিপিআই সাধাৰণ সম্পাদক হিচাপে দলটোলৈ সেৱা আগবঢ়াইছিল। শ্রমিকৰ অধিকাৰ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ বলিষ্ঠ ভূমিকাৰ বাবে সকলোৰে পৰা সন্মান লাভ কৰিছিল। ছুৰাভৰম সুধাকৰ ৰেড্ডীয়ে ১৯৯৮ আৰু ২০০৪ চনত নালগোণ্ডা সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেলেংগানাৰ মেহবুবনগৰত জন্মগ্ৰহণ কৰা সুধাকৰ ৰেড্ডীয়...