July 23, 2024 5:58 PM

views 62

সুমিত নাগল অষ্ট্ৰিয়া অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ সুমিত নাগলে অষ্ট্ৰিয়া অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নাগলে কালি প্ৰতিযোগিতাৰ এখন খেলত শ্ল’ভাকিয়াৰ লুকাছ ক্লেনক ৬-৪, ১-৬, ৭-৬ ছেটত পৰাস্ত কৰে। খেলুৱৈগৰাকী কাইলৈ প্রি-কোৱাৰ্টাৰ ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত স্পেইনৰ পেড্ৰ' মার্টিনেজৰ সন্মুখীন হ'ব।

July 17, 2024 11:02 AM

views 57

ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ সুমিত নাগলৰ জয়লাভ

ভাৰতৰ সুমিত নাগলে কালি ছুইডিছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত ছুইজাৰলেণ্ডৰ এলিয়াছ য়মেৰক ৬-৪, ৬-৩ পোনপটীয়া ছেটত পৰাস্ত কৰে। অৱশ্যে সুমিত নাগল আৰু পোলেণ্ডৰ কৰোল ড্ৰেজেৱিক্কীৰ যুটীটো পুৰুষৰ ডাবলছত ফ্ৰান্সৰ আলেকজেণ্ডাৰ মুলৰ আৰু লুকা ৱান এশ্বৰ হাতত ৬-৩, ৬-৪ ছেটত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ইপিনে, এ টি পিৰ ক্রম তালিকাত সুমিত নাগল খেলুৱৈ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ৬৮ সংখ্যক স্থানলৈ উন্নীত হৈছে।

June 16, 2024 7:51 PM

views 60

এ টি পি চেলেঞ্জাৰ টেনিছৰ ফাইনেলত ভাৰতৰ সুমীত নাগাল আৰু ইটালীৰ লুছিয়ানো ডাৰডেৰী মুখামুখি

ইটালীৰ পেৰুজিয়াত চলি থকা এ টি পি চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি ভাৰতৰ সুমীত নাগাল আৰু ইটালীৰ লুছিয়ানো ডাৰডেৰী মুখামুখী হ'ব। ষষ্ঠ বাছনিৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে কালি অনুষ্ঠিত চেমি ফাইনেলত স্পেইনৰ বাৰনাবে জাপাতা মিৰালেছক ৭-৬, ১-৬, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে, পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ এন্দ্ৰে বেজেমানৰ যুটীটোৱে শীর্ষ বাছনিৰ যুটী আৰ্জেণ্টিনাৰ গুইদ' এন্দ্ৰেঅ'জি আৰু মেক্সিকোৰ মিণ্ডৱেল এঞ্চেল ৰেয়েছ ৱাৰেলাৰ হাতত ৪-৬, ৫-৭ ছে...

June 15, 2024 12:45 PM

views 57

এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত সুমিত নাগল ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ সুমিত নাগল ইটালীত অনুষ্ঠিত এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সুমিতে কালি কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ মেক্স কাছনিকোৰ্ত্তিক ৬-৪, ৭- ৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। সুমিত আজি ছেমি ফাইনেলত স্পেইনৰ বৰ্নাবে জপাতা মিৰালেজৰ সন্মুখীন হ'ব।