September 3, 2024 6:36 PM

views 87

পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র’ত ভাৰতৰ সুমিত অন্তিলৰ নতুন অভিলেখ স্থাপনেৰে খিতাপ

ভাৰতৰ সুমিত অন্তিলে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র'ত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে নিজৰ দ্বিতীয়টো প্ৰচেষ্টাত ৭০.৫৯ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই কালি এই কৃতিত্ব অর্জন কৰে। একেদৰে নিতেশ কুমাৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ SL-3 শিতানত ডেনিয়েল বেটহেলক ২১-১৪, ১৮-২১, ২৩-২১ গেমত পৰাস্ত কৰি দেশৰ হকে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰে। আনহাতে পুৰুষৰ ছিংগলছৰ SL-4 শিতানত ভাৰতৰ সুহাছ য়াথীৰাজেও ৰূপৰ পদক লাভ কৰে। খেলুৱৈগৰাকী ফাইনেলত যোৱাবাৰৰ বিজয়ী লুকাছ মাজুৰৰ বিৰুদ্ধে ৯...

September 3, 2024 12:31 PM

views 50

সুমিত আন্তিলক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত পেৰিছ পেৰালিম্পিকছৰ পুৰুষৰ জেভলিন থ্ৰ'ত সোণৰ পদক অৰ্জন কৰা সুমিত আন্তিলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, পেৰালিম্পিকছত একেৰাহে অৰ্জন কৰা দুটা সোণৰ পদক আৰু অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শনেৰে খেলুৱৈগৰাকী চেম্পিয়নসকলৰ মাজতো বিশেষ হিচাপে পৰিগণিত হৈছে। এই সাফল্যই অগণন লোক, বিশেষকৈ যুৱ চামক অনুপ্রাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে। ইপিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তিলৰ এই প্ৰদৰ্শনক ব্যতিক্রমী...