December 20, 2025 12:57 PM

views 31

সমাজবন্ধু হিচাপে পৰিচিত সুজিত সোমৰ বিগত সপ্তাহত দুটাকৈ ৰাষ্ট্রীয় সম্মান লাভ

হোজাই জিলাৰ সমাজবন্ধু হিচাপে পৰিচিত সুজিত সোমে বিগত সপ্তাহত দুটাকৈ ৰাষ্ট্রীয় সম্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা ১২ ডিচেম্বৰত দিল্লীৰ ঝৰোদা পঞ্চশীল আশ্রম প্রাংগণত অখিল ভাৰতীয় দলিত সাহিত্য একাডেমীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সুজিত সোমক ড° ভীমৰাও আম্বেদকাৰ সেৱাশ্রী বঁটা প্ৰদান কৰা হয়। শ্রী সোমে লগতে ১৫ ডিচেম্বৰত পূৰ্বৈয়া ৰাষ্ট্ৰীয় সামাজিক সংস্থাৰ তৰফৰ পৰা ২০২৫ বৰ্ষৰ জ্যোতিবা ফুলে পূর্বেয়া ৰাষ্ট্ৰীয় সামাজিক সন্মান লাভ কৰে। কালি অঞ্চলটোৰ কেইবাটাও সামাজ...