August 5, 2026 12:15 PM
7
ৰাজ্যত অহা ১০ আগষ্টৰ পৰা সুলভ মূল্যৰ দোকানৰ জৰিয়তে হিতাধিকাৰীৰ মাজত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণ
অহা ১০ আগষ্টৰ পৰা ৰাজ্যৰ ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি অন্নসেৱা যোজনাৰ অধীনত এই সামগ্ৰীসমূহ নিৰ্ধাৰিত সময়ত প্ৰদানৰ ব্যৱস্থা পৰ্যালোচনা কৰে। দিছপুৰত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সামগ্ৰীসমূহ নির্দিষ্ট সময়ত যথাস্থানত যোগান ধৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে অসম ...