September 21, 2026 7:02 PM
14
এছিয়ান গেমছত মিক্সড সমৰকলাত ব্ৰঞ্জৰ পদক অর্জন কৰাৰ ছুচিকা টাৰিৱালক ক্রীড়া মন্ত্রী ড° মনসুখ মন্দাভিয়াৰ অভিনন্দন
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড° মনসুখ মন্দাভিয়াই জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ ২০২৬ৰ মিক্সড সমৰকলাৰ মহিলাৰ ৬০ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰাৰ ছুচিকা টাৰিৱালক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া পোষ্টত শ্রীমন্দাভিয়াই কয়, যে এয়া এক ঐতিহাসিক মুহূর্ত কিয়নো এয়া হৈছে মিক্সড সমৰকলাত ভাৰতৰ প্ৰথমটো পদক। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে হিমাংশু ধিলন, পার্থ মানে আৰু ৰদ্রাংশ পাটিলকো এছিয়ান গেমছৰ ১০ মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।...