September 17, 2026 12:04 PM
2
৬৫ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্রতিযোগিতাৰ ১৭ বছৰ অনুৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত
অসমে ৬৫ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্রতিযোগিতাৰ ১৭ বছৰ অনুৰ্ধ শাখাত জয়ৰ ধাৰা অব্যাহত ৰাখিছে। অসমক প্ৰতিনিধিত্ব কৰা চৰাইদেউৰ বামপথাৰ বেঙেনামাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে কালি নতুন দিল্লীত অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত হিমাচল প্ৰদেশক ২-১ গ'লত পৰাস্ত কৰে। বেঙেনামাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ পাৰ্থ ডেকা বৰুৱাই খেলখনৰ ৩২ মিনিটত প্ৰথমটো গ'ল দিয়ে। প্ৰথমাৰ্ধৰ পাছত হিমাচলে দ্বিতীয়ার্ধত গ'ল পৰিশোধ কৰে যদিও ৪৫ মিনিটত পল বৰুৱাই বেঙেনামাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ বিজয়সূচক গ'লট...