July 28, 2024 11:54 AM

views 31

ভাৰতত তীখাৰ উৎপাদন ২০৩০ চনৰ ভিতৰত ৩০ কোটি টনতকৈও অধিক হোৱাৰ সম্ভাৱনাঃ তীখা সচিব

তীখা সচিব নগেন্দ্ৰ নাথ সিনহাই কৈছে যে, চৰকাৰী আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ বাবে চাহিদা বৃদ্ধিৰ ফলত ভাৰতত তীখাৰ উৎপাদন ২০৩০ চনৰ ভিতৰত ৩০ কোটি টনতকৈও অধিক হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত ভাৰত চেম্বাৰ অব কমাৰ্চক সম্বোধন কৰি জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে, আন্তঃগাঁথনিমূলক কাম-কাজত চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ ফলত তীখাৰ চাহিদা বৃদ্ধি পাইছে আৰু ১০ শতাংশ বিকাশৰ সম্ভাৱনা আছে। শ্রীসিনহাই কয় যে, মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ লগতে চৰকাৰী তথা বে-চৰকাৰী খণ্ডৰ আন্তঃগাঁথনি উন্নয়নত অবিৰতভাৱে গুৰুত্ব প্ৰদান কৰাৰ হেতু...