January 14, 2025 8:50 PM

views 34

প্ৰাক্তন সৈনিকসকলক দেশৰ গৌৰৱ বুলি প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠৰ উল্লেখ

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে ১৯৭১ চনৰ যুদ্ধত সেৱা আগবঢ়োৱা প্ৰাক্তন সৈনিকসকলক দেশৰ সশস্ত্র বাহিনীৰ শক্তি বুলি অভিহিত কৰিছে। সশস্ত্র বাহিনীৰ নৱম প্ৰাক্তন সৈনিক দিৱস উপলক্ষে আজি মুম্বাইৰ গৌৰৱ স্তম্ভ পুস্পার্ঘ্য নিবেদন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰাক্তন সৈনিকসকলক দেশৰ গৌৰৱ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰ তেওঁলোকৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ কয়, যে চৰকাৰে বিগত ১০ বছৰত প্রাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে ১ লাখ ২৪ হাজাৰ কোটি টকা ব্যয় কৰিছে।