July 28, 2025 9:05 PM

views 34

অপাৰেচন মহাদেৱৰ অধীনত শ্ৰীনগৰৰ হাৰৱানৰ লিডৱাছ অঞ্চলত সেনাবাহিনৰ সৈতে হোৱা সংঘৰ্ষত ৩ গৰাকী সন্ত্ৰাসবাদী নিহত

অপাৰেচন মহাদেৱৰ অধীনত শ্ৰীনগৰৰ হাৰৱানৰ লিডৱাছ অঞ্চলত আজি সেনাবাহিনৰ সৈতে হোৱা সংঘৰ্ষত তিনিগৰাকী সন্ত্ৰাসবাদী নিহত হয়। সামাজিক মাধ্যম এক্স হেণ্ডেলত সেনা বাহিনীয়ে এই কথা সদৰী কৰে। উল্লেখযোগ্য যে, যোৱা ২২ এপ্ৰিলত পেহেলগামত হোৱা আক্ৰমণৰ ঘটনাত এই তিনি গৰাকী সন্ত্রাসবাদী জড়িত আছিল। কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শকে আকাশবাণীৰ শ্ৰীনগৰৰ সংবাদাতাক জনোৱা অনুসৰি, নিহত সন্ত্রাসবাদীকেইজনক চিনাক্ত কৰা হৈছে আৰু পৰৱৰ্তী সময়তো এই অভিযান চলি থাকিব।