July 18, 2026 11:08 AM
2
শ্ৰীভূমি জিলাত হ’বলগীয়া মন্ত্ৰী কৃষ্ণেন্দু পালৰ পর্যালোচনা বৈঠকখন সাময়িকভাৱে স্থগিত
জনস্বাস্থ্য কাৰিকৰী, বৰাক উপত্যকা উন্নয়ন আৰু পাৰ্বত্য অঞ্চল বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ আজি শ্ৰীভূমি জিলাত হ'বলগীয়া পর্যালোচনা বৈঠকখন সাময়িকভাৱে স্থগিত ৰখা হৈছে। অনিবাৰ্য কাৰণত আজি দুপৰীয়া ১২ বজাৰ পৰা জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হ'বলগীয়া বৈঠকখন স্থগিত ৰখা হৈছে। পৰ্যালোচনা বৈঠকৰ পৰৱৰ্তী সূচী আনুষ্ঠানিকভাৱে পাছত প্ৰকাশ কৰা হ'ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।