September 15, 2026 12:17 PM

views 4

শ্ৰীশ্ৰী হৰিদেৱৰ জন্মতিথি উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা জ্ঞাপন

বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰী হৰিদেৱৰ আজি আৱিৰ্ভাব তিথি। ১৪২৬ খ্ৰীষ্টাব্দত লক্ষিমপুৰৰ নাৰায়ণপুৰত জন্মলাভ কৰা হৰিদেৱ আছিল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ চাৰিগৰাকী প্ৰচাৰকৰ অন্যতম এজন। তেওঁ একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মানেৰি সত্ৰ, বহৰি সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰা হৰিদেৱ এগৰাকী গীতিকাৰো আছিল। সহজ-সৰল চুটি চুটি বাক্যৰ জৰিয়তে গভীৰ ভাব প্ৰকাশ কৰা হৰিদেৱৰ গদ্যশৈলীৰ অন্যতম বৈশিষ্ট্য। ভক্তিৰস তৰংগিনী তেওঁ ৰচনা কৰা প্ৰাচীন অসমীয়া গদ্য সাহিত্যৰ অন্যতম ...