October 15, 2024 11:00 AM

views 22

শ্ৰীলংকাৰ কলম্বোত সিংহলী ভাষালৈ অনুবাদ কৰা মহাপুৰুষজনাৰ এটা বৰগীত মুকলি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱৰ সৈতে সংগতি ৰাখি কালি শ্ৰীলংকাৰ কলম্বোত মহাপুৰুষজনাৰ এটা বৰগীত সিংহলী ভাষালৈ অনুবাদ কৰি বাণীবদ্ধ ৰূপত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কলম্বোত থকা ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই এই পদক্ষেপ গ্ৰহণ কৰে। কেন্দ্ৰটোৰ অধ্যাপক অংকুৰণ দত্তই এই অনুষ্ঠানৰ তদাৰক কৰে। নাৰায়ণ কাহে ভকতি কৰু তেৰা শীৰ্ষক এই বৰগীতটো গুৰুজনাৰ জন্মোৎসৱৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে সিংহলী ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হয়। শ্রীলংকাত থকা ভাৰতৰ উচ্চায...