December 14, 2024 8:12 PM

views 25

মঙলদৈৰ সুনন্দৰাম ডেকা গোষ্ঠীলৈ অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা

সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই আজি অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছে। জাতীয় সংগঠন তিনিটাই দৰং জিলাৰ মঙলদৈৰ সুনন্দৰাম ডেকা গোষ্ঠীৰ মুকুল ডেকা, ৰাজীৱ ডেকা আৰু অনুপম ডেকাক এইবাৰৰ অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মদিন ১৮ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গনত মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত তিনিওগৰাকীকে এই বঁটা প্ৰদান কৰা হ'ব। উদ্যমিতাৰ ক্ষেত্ৰখনত বিশেষ প্ৰদৰ্শনেৰে নিজৰ লগতে অনেকক সংস্থ...