July 21, 2026 8:11 PM

views 18

বিশ্ব স্কোৱাচ জুনিয়ৰ চেম্পিয়নশ্বিপত সাতগৰাকী ভাৰতীয় খেলুৱৈৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্রগতি লাভ

কানাডাত চলি থকা বিশ্ব স্কোৱাচ জুনিয়ৰ চেম্পিয়নশ্বিপত সাতগৰাকী ভাৰতীয় খেলুৱৈয়ে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্রগতি লাভ কৰিছে। মহিলাৰ ছিংগলছ শিতানত অনাহত সিং, চাী কলংকী, আৰু অনিকা ডুবেই জয়লাভ কৰাৰ লগতে ৰুদ্ৰ সিঙে ৱাক অভাৰ লাভ কৰে। পুৰুষৰ ছিংগলছ শিতানত আর্যবীৰ দেৱান, য়ুশ্বা নফিছ আৰু গুৰবীৰ সিঙে পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰিছে।