November 3, 2024 11:37 AM

views 28

স্পেইনৰ প্ৰধানমন্ত্রী পেড্র’ ছানচেজৰ বানপ্ৰভাৱিত ভেলেনচিয়ালৈ অতিৰিক্ত ৫ হাজাৰ সৈন্য, ৫ হাজাৰ আৰক্ষী বিষয়া আৰু অসামৰিক নিৰাপত্তাৰক্ষীক প্ৰেৰণ কৰাৰ নিৰ্দেশ

স্পেইনৰ প্ৰধানমন্ত্রী পেড্র' ছানচেজে বানপ্ৰভাৱিত ভেলেনচিয়ালৈ অতিৰিক্ত ৫ হাজাৰ সৈন্য, ৫ হাজাৰ আৰক্ষী বিষয়া আৰু অসামৰিক নিৰাপত্তাৰক্ষীক প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে। প্রধানমন্ত্রী পেড্র' ছানচেজে কয় যে, দেশখনত এই পর্যন্ত বানৰ প্ৰকোপত ২১১ জন লোকৰ মৃত্যু হৈছে আৰু এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বানে কেবাখনো দলং ক্ষতিগ্রস্ত কৰাৰ লগতে কৰি চহৰবোৰ বোকাময় কৰি তুলিছে। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এতিয়াও অঞ্চলতোত বহু লোক সন্ধানহীন হৈ আছে। আবাসগৃহসম...