March 23, 2025 8:12 PM

views 32

দক্ষিণ কোৰিয়াৰ দক্ষিণ পূৱ অংশত বিধবংসী বনজুইত ৪ গৰাকী লোকৰ প্রাণহানি

দক্ষিণ কোৰিয়াৰ দক্ষিণ পূৱ অংশত বিধবংসী বনজুইত ৪ গৰাকী লোকে প্রাণ হেৰুৱাৰ লগতে ব্যাপক অঞ্চলত ধবংসলীলাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত জৰুৰী ব্যৱস্থা ঘোষণা কৰা হৈছে। দেশখনৰ কেইবাটাও স্থানত সমান্তৰালকৈ বিধবংসী বনজুইয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগে লগে আভ্যন্তৰীণ মন্ত্ৰ্যালয়ে এই বিষয়ে ঘোষণা কবে। কোৰিয়াৰ বনসেৱা বিভাগে বুশ্বান আৰু দয়েজিয়ান মহানগৰকে ধৰি ১২ খন স্থানক সৰ্বাধিক সতর্কিকৰণৰ আওতাত সামৰি লৈছে। দেশখনৰ দক্ষিণ পূৱ দিশৰ কেইবাটাও ঘাইপথ জুইয়ে ছানি ধৰাৰ লগতে উলচান আক বুশ্বানৰ মাজৰ এটা অতি ব্য...