November 17, 2025 7:21 PM

views 99

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে লখিমপুৰ জিলাৰ ৩ টা সমষ্টিৰ ভোটগ্রহণ কেন্দ্ৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

অসম ৰাজ্যিক নির্বাচন আয়োগে অনাগত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ জিলাৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত অঞ্চলৰ অন্তৰ্গত ৩ টা সমষ্টিৰ সকলো ভোটগ্রহণ কেন্দ্ৰৰ চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰে। চূড়ান্ত ভোটাৰ তালিকা সংশ্লিষ্ট সকলো নিৰ্বাচনী পঞ্জীয়ক বিষয়া, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, পৌৰ সভাৰ কাৰ্যালয়, টাউন কমিটি, উপ পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহ বাগিচা, গাওঁ পঞ্চায়তৰ কাৰ্যালয়, জিলা প্ৰশাসনৰ ৱেৱছাইট আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাইজে চাব পৰাকৈ ...

December 24, 2024 8:54 AM

views 60

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নির্বাচনৰ ৩২ টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে পৰিষদৰ অধীনৰ ৩২ টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিছে। আয়োগে সদৰি কৰা তথ্য অনুসৰি উজনি অসমৰ ৭ খন জিলাৰ ৩২ টা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা ২ লাখ ৯৩ হাজাৰ ৯১৪। ইয়াৰে ১ লাখ ৪৫ হাজাৰ ৩০৭ জন পুৰুষ আৰু ১ লাখ ৪৮ হাজাৰ ৬০৬ গৰাকী মহিলা ভোটদাতা আছে।