November 12, 2025 8:22 PM

views 36

সোণাপুৰৰ পাটৰকুছিত নৱনিৰ্মিত ‘সোণোৱাল ভৱন’ উদ্বোধন

জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সোণাপুৰৰ পাটৰকুছিত নৱনিৰ্মিত ‘সোণোৱাল ভৱন’ উদ্বোধন কৰে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে ৭ কোটি ৩ লাখ টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াইছে। চাৰিমহলীয়া এই ভৱনটো সোণোৱাল কছাৰী সমাজৰ ভাষা, সাহিত্য, সংস্কৃতিকে ধৰি সামগ্রিক কল্যাণ সাধনৰ বাবে ব্যৱহৃত হ'ব। এই ভৱনে জনগোষ্ঠীটোৰ লোকসকল তথা ছাত্র-ছাত্রীসকলক বিশেষকৈ উপকৃত কৰিব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত ভৈয়াম জনজাতি আ...