August 16, 2024 7:03 PM

views 26

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা মনো ভাকেৰক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্বর্ধনা

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা মনো ভাকেৰক সম্বর্ধনা জনায়। মনো ভাকেৰক তেওঁ ১০ লাখ টকাৰ এখন চেক্‌ উপহাৰ দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সোণোৱালে কয় যে মনো ভাকেৰৰ সামৰ্থ, নিষ্ঠা আৰু দায়বদ্ধতা আছে। দেশৰ বাবে অনাগত দিনত মনো ভাকেৰে আৰু অধিক পদক জয়লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।