January 10, 2025 8:34 PM

views 22

শোণিতপুৰৰ গৰৈমাৰী মৌজাৰ খলিহামাৰি গাঁৱৰ দেৱেন্দ্ৰনগৰত অৱস্থিত ফায়াৰিং ৰেঞ্জক সংৰক্ষিত এলেকা হিচাপে ঘোষণা

শোণিতপুৰৰ জিলা দণ্ডাধীশে আজি এটা নির্দেশ যোগে জিলাখনৰ গৰৈমাৰী মৌজাৰ খলিহামাৰি গাঁৱৰ দেৱেন্দ্ৰ নগৰত অৱস্থিত ফায়াৰিং ৰেঞ্জক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে। সশস্ত্র সীমা বাহিনী চমুকৈ এছ এছ বিৰ অধীনৰ এই অঞ্চলটোত বাহিনীটোৰ জোৱান, বিষয়া, জিলা প্ৰশাসনৰ দ্বাৰা কৰ্তৃত্বপ্রাপ্ত আৰক্ষীৰ লোকৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজৰ প্ৰৱেশ আৰু চলাচল আজিৰে পৰা নিষিদ্ধ কৰা হৈছে। অসম ৰাজহুৱা শৃংখলা ৰক্ষা আইন-১৯৬০ৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।