January 6, 2025 12:30 PM

views 41

চৰাইদেউৰ সোণাৰিত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি

চৰাইদেউ জিলাৰ সোণাৰিৰ ভজো মাজপথাৰত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজিত টাই আহোম যুৱ পৰিষদৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ কালি সামৰণি পৰে। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত  ভাষণ দি শ্ৰী মাৰ্ঘেৰিটাই কয়, যে বহু বীৰ বীৰাংগণাৰ বীৰত্বৰ স্মৃতি গাথা, সংগ্রাম তথা শৌৰ্য-বীৰ্যৰে আহোমৰ ইতিহাস সমৃদ্ধ। এনে চহকী ইতিহাসৰ সংৰক্ষণ আৰু সন্মানাৰ্থে অসম চৰকাৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। অন্তিম দিনা সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা বাৰেৰহন...