December 12, 2025 8:01 PM

views 20

চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত আজি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। থুকুবিলৰ বিজয় পামৰ পৰা সোণাৰী নগৰলৈ দিন হাজিৰাৰ বাবে যোৱাৰ সময়তে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত হীৰামণি শৰ্মা নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। ঘটনাৰ খবৰ পোৱাৰ পাছতে সোণাৰী আৰক্ষী আৰু বন বিভাগৰ লোকে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। ইফালে বনাঞ্চলৰ পৰা ওলাই অহা আন এটা হাতীয়ে নাফুক খেৰবাৰী অঞ্চলতো জনবসতিপূর্ণ অঞ্চলত উপদ্রব চলাই বুলি আমাৰ চৰাইদেউৰ সংবাদদাতাই জনা...