September 30, 2024 8:53 PM

views 51

সোণাপুৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে আজি অসম চৰকাৰক অলপতে সোণাপুৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত জাননী জাৰি কৰিছে। এই জাননীত ন্যায়ালয়ে উচ্ছেদ এই ঘটনাই যোৱা ১৭ ছেপ্টেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা অন্তৰ্ৱৰ্তী আদেশ উলংঘা কৰা বুলি প্ৰকাশ কৰিছে। এই আদেশত ন্যায়ালয়ে আদালতৰ আগতীয়া অনুমতি অবিহনে কোনোধৰণৰ উচ্ছেদ কাৰ্য নচলাবলৈ নিৰ্দেশ দিছিল।