August 4, 2025 12:18 PM

views 25

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানিৰ সর্বোচ্চ অভিলেখ

ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানিয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত সর্বোচ্চ অভিলেখ গঢ়িছে। বিগত বৰ্ষৰ একেই সময়ৰ তুলনাত এই ৰপ্তানি হাৰ ৫৮ শতাংশ বৃদ্ধি হৈ ৭ দশমিক ৭-২ বিলিয়ন ডলাৰ হৈছেগৈ। তথ্য অনুসৰি এপ’ল কোম্পানীয়ে এইক্ষেত্ৰত ৬০০ কোটি ডলাৰৰ আইফোন ৰপ্তানিৰ জৰিয়তে প্রথম স্থানত আছে। উল্লেখযোগ্য যে ভাৰতে ২০২১ বিত্তীয় বৰ্ষত ৩০০ কোটি ডলাৰৰো অধিক স্মার্টফোন ৰপ্তানি কৰিছিল। কিন্তু ২০২৫ বৰ্ষত কেৱল এপ’লৰ এহেজাৰ ৭০০ কোটি ডলাৰৰ জৰিয়তে ভাৰতৰ স্মার্টফোন ৰপ্তানি দুহেজাৰ ৪০০ কোটি ডলাৰলৈ বৃদ্ধি পালে।