May 16, 2024 8:42 PM

views 33

মধুমেহ, হৃদ আৰু যকৃতৰ ৰোগৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ৪১ বিধ ঔষধৰ মূল্য হ্ৰাস

চৰকাৰে মধুমেহ, হৃদ আৰু যকৃৎ বিসংগতিৰ দৰে ৰোগৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ৪১ বিধ ঔষধৰ মূল্য হ্ৰাস কৰিছে। আৱশ্যকীয় ঔষধ সুলভ কৰি তোলাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ভেষজ মূল্য নির্ধাৰণ প্ৰাধিকৰণৰ বৈঠকত আজি এই সিন্ধান্ত গ্ৰহণ কৰা হয়। ঔষধ প্রস্তুত কোম্পানীসমূহক বিভিন্ন ঔষধৰ মূল্য হ্ৰাস কৰাৰ বিষয়ে ডিলাৰ আৰু পাইকাৰী বিক্ৰেতাসকলক ততালিকে জনাবলৈ কোৱা হৈছে।