October 13, 2026 2:42 PM
8
অসম চৰকাৰৰ উজনি অসমৰ ৩খন জিলাৰ বান ক্ষতিগ্ৰস্ত ৫৭ হাজাৰ পৰিয়ালক ক্ষতিপূৰ্ণ আদায় দিয়াৰ বাবে জৰীপ সম্পন্ন
অসম চৰকাৰে উজনি অসমৰ তিনিখন জিলাৰ বান ক্ষতিগ্ৰস্ত ৫৭ হাজাৰ পৰিয়ালক ক্ষতিপূৰ্ণ আদায় দিয়াৰ বাবে জৰীপ সম্পন্ন কৰিছে। এই পৰিয়ালসমূহক ১,১০০ কোটি টকাৰ বান সাহাৰ্য প্ৰদানৰ বাবে তিনিটা পৰ্যায়ত জৰীপ সম্পূৰ্ণ কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে অতি সোনকালে ৰাজ্য চৰকাৰে বান ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰৰ পৰা সাহায্য বিচাৰি চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ বান ক্ষতিগ্রস্ত লোকসকলক লৈ ৰাইজৰ দলৰ বিধায়ক অখিল...