January 17, 2026 1:08 PM

views 80

শিল্পী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অর্থাৎ‍ শিল্পী দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব। অনুষ...

January 17, 2026 1:02 PM

views 137

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উদযাপন

সমগ্ৰ ৰাজ্যতে আজি অসমীয়া সাংস্কৃতিক জগতৰ অন্যতম হোতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰে ১৭ জানুৱাৰীত তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি, নাটক, সংগীত, সাহিত্য, চলচ্চিত্র আদি বিভিন্ন দিশত মহান শিল্পীগৰাকীয়ে আগবঢ়াই যোৱা অৱদানসমূহৰ বিষয়ে স্মৰণ কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়া সংস্কৃতিক নৱ চেতনাৰে জাতিষ্কাৰ কৰা সুন্দৰৰ পূজাৰী, মহান শিল্পী অসমীয়া কথাছবি পথদ্রষ্টা, স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰ...

January 17, 2025 8:20 PM

views 101

ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱসৰ দিনা শিল্পী দিৱস পালন

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱসত আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়। ...