April 22, 2025 10:23 AM
127
অসম চৰকাৰৰ শিক্ষা সেতু এপলৈ প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা
■ ৰাজ্যখনৰ শিক্ষা খণ্ডত নতুনত্বৰ সঞ্চাৰ কৰা অসম চৰকাৰৰ শিক্ষা সেতু এপে প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ড° ওম প্রকাশে এই বঁটা গ্ৰহণ কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ ব্যৱস্থাপনাৰ দিশত স্বচ্ছতা আৰু গতি অনাৰ লক্ষ্যৰে আৰম্ভ কৰা শিক্ষা সেতু এপে শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি সুশৃংখলিত কৰি তোলাৰ উপৰি ৰাজ্যৰ বিদ্যালয়সম...