June 14, 2024 5:19 PM

views 87

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত নেৰানেপেৰা বৰষুণৰ ভয়াবহ ৰূপ ধাৰণ

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত হোৱা নেৰা নেপেৰা বৰষুণে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ তীষ্টা নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত চাংকালাঙত এখন পুৰণা ওলমা দলং আৰু নতুনকৈ নিৰ্মাণ কৰা বেইলী দলং দুয়োখনেই ভাগি পৰে। ইয়াৰ ফলত প্ৰায় দুহেজাৰ পৰ্যাটক অঞ্চটোত আৱদ্ধ হৈ পৰিছে। উত্তৰ চিকিমৰ জংগো অঞ্চলৰ সৈতে গুৰুত্বপূর্ণ সকলো যোগাযোগ বিচিন্ন হৈ পৰিছে। জিলা দণ্ডাধীশ হেম কুমাৰ চেত্ৰীয়ে কালি এখন বৈঠকত মিলিত হৈ বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। বৰষুণৰ ফলত পাকেচেপত ৩ জন আৰু আম্বিথাঙত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ক'বি আৰু আম্বিথা...

June 13, 2024 4:46 PM

views 76

উত্তৰ ছিকিমৰ বিভিন্ন অঞ্চল আৰু মনগানত নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক ভূমিস্খলন

উত্তৰ ছিকিমৰ বিভিন্ন অঞ্চল আৰু মনগানৰ কেইবাটাও অঞ্চলত কালিৰেপৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক ভূমিস্খলন সংঘটিত হৈছে। এই দুৰ্ঘটনাত বহুতো জীৱন, ঘৰ ধ্বংস হোৱাৰ লগতে কেইবাটাও পৰিয়াল ভূমিহীন হৈ পৰিছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্রেমসিং টামাঙে জিলা প্রশাসন, আৰক্ষী বিভাগ আৰু আন সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰি দ্রুত আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ বাবে নিৰ্দেশ দিছে।

June 2, 2024 9:12 PM

views 50

ছিকিম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰা ছিকিম ক্রান্তিকাৰী মৰ্চা আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙক শুভেচ্ছা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ছিকিম ক্রান্তিকাৰী মৰ্চা আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, ছিকিমৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ তেওঁ আগ্রহী। তেওঁ লগতে ছিকিম বিধানসভা নিৰ্বাচনত বিজেপি কৰ্মকৰ্তাসকলৰ কাম-কাজৰো প্ৰশংসা কৰে ।

June 2, 2024 2:16 PM

views 66

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি আৰু চিকিমত চিকিম ক্রান্তিকাৰী মৰ্চা বিজয়ৰ দিশে

অৰুণাচল প্ৰদেশ আৰু চিকিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সূচাৰুৰূপে চলি আছে। ৬০ জনীয়া অৰুণাচল প্ৰদেশ আৰু ৩২ জনীয়া চিকিম বিধানসভাৰ বাবে ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সমান্তৰালভাৱে ভোটগ্রহণ অনুষ্ঠিত হৈছিল। ভোটগণনাৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি অৰুণাচল প্ৰদেশত বিজেপি বিপুল জয়ৰ দিশে অগ্ৰসৰ হৈছে। আনহাতে, চিকিমত শাসকীয় চিকিম ক্রান্তিকাৰী মৰ্চা আগবাঢ়ি আছে। অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে বিজেপি ৪৩ খন আসনত জয়লাভ কৰিছে আৰু ৩ খনত আগবাঢ়ি আছে। আনহাতে, নেচনেল পিপলছ পাৰ্টী ৫ খন আসনত জয়ী হৈছে । কংগ্ৰেছ দ...

June 1, 2024 3:00 PM

views 69

অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি

কাইলৈ হ’বলগীয়া অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি চলি আছে। এই দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকালৰ কাইলৈ অৰ্থাৎ‍ ২ জুনত অন্ত পৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচন যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত হৈছিল। কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা ৪ জুনত দেশৰ আন আন ৰাজ্যৰ সৈতে একেলগে কৰা হ’ব। কাইলৈ পুৱা ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। প্ৰথমে পোষ্টেল বেলট আৰু ইলেক্‌ট্ৰনিকভাৱে প্ৰেৰণ কৰা বেলটৰ ভোটগণনা কৰা...