July 21, 2026 1:47 PM

views 16

ছিকিমত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মাণ সুৰংগত আবদ্ধ লোকসকলৰ ৭জনৰ মৃতদেহ উদ্ধাৰ

ছিকিমৰ নামছি জিলাৰ চামৰডোঙত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মাণ সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামছি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈ সাতটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।  সুৰংগটোৰ ভিতৰত কমেও ২৭ জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহ কেইটা ছিংটাম জিলা চিকিৎসালয়, এছ টি এন এম হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে, কালি ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল।