July 24, 2025 6:51 PM

views 56

ছিদলী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত লোকনৃত্যৰ গ্ৰীষ্মকালীন কর্মশালাৰ আজি সামৰণি

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত ছিদলী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত লোকনৃত্যৰ গ্ৰীষ্মকালীন কর্মশালাখন আজি সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশৰ উদ্দেশ্যেৰে সহপাঠ্যক্ৰম হিচাপে আয়োজন কৰা এই কর্মশালাখন যোৱা ১০ জুলাইত আৰম্ভ হৈছিল। ১৫ দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰে। অংশগ্ৰহণকাৰীসকলক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিজনী সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়।