July 27, 2026 11:15 AM

views 31

শিৱসাগৰ জিলাৰ ৩০১ খন গাঁৱৰ প্ৰায় ৪ লাখ লোক ক্ষতিগ্রস্ত হৈছে বুলি শিৱসাগৰৰ জিলা আয়ুক্তৰ প্ৰকাশ

শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদবে শেহতীয়া বানে সৃষ্টি কৰা পৰিস্থিতি বিগত ৫০ বছৰৰ ভিতৰতে অতি ভয়াৱহ বুলি উল্লেখ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত শ্রীযাদৱে কয়, যে বানত শিৱসাগৰ জিলাৰ ৩০১ খন গাঁৱৰ প্ৰায় ৪ লাখ লোক ক্ষতিগ্রস্ত হৈছে। জিলাখনত বানত বর্তমানলৈকে ৩০ জন লোকৰ মৃত্যু হৈছে আৰু ৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।