June 14, 2024 12:06 PM

views 45

থ্ৰী ষ্টাৰ গ্ৰাঁ পী অশ্বচালনা প্রতিযোগিতাত খিতাপ অৰ্জনেৰে শ্ৰুতি ৱোৰাৰ ইতিহাস ৰচনা

ভাৰতৰ শ্ৰুতি ৱোৰাই থ্ৰী ষ্টাৰ গ্ৰাঁ পী অশ্বচালনা প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। শ্ৰুতি ৱোৰা এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় অশ্বাৰোহী। খেলুৱৈগৰাকীয়ে শ্লোভেনিয়াৰ লিপিকাত অনুষ্ঠিত এফ আই আই ড্রেছেজ বিশ্বকাপত ৬৭.৬–১ পইণ্ট লাভ কৰি প্ৰথম স্থান দখল কৰে। ভাৰতীয় অশ্বাৰোহী সংঘৰ সম্পাদক কর্ণেল জয়বীৰ সিঙে এই ঐতিহাসিক কৃতিত্ব সন্দৰ্ভত মত প্রকাশ কৰি শ্ৰুতিৰ প্ৰদৰ্শনে দেশক গৌৰৱান্বিত কৰা বুলি মন্তব্য কৰিছে। শ্ৰুতি ৱোৰাই ড্ৰেছেজ বিশ্ব চেম্পিয়ন ২০১০ আৰু ২০২২ তথা ২০১৪ চনৰ এছিয়া ক্রীড়া ...