July 2, 2024 6:44 PM

views 49

পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দল

শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দলটোৱে অহা ৬ৰ পৰা ১৪ জুলাইলৈ জিম্বাব’ৱেৰ বিৰুদ্ধে হ'বলগীয়া পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা হৈছে। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত হ'ব। সদ্য সমাপ্ত টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে যোৱা তথা জিম্বাব’ৱেৰ শৃংখলাৰ বাবে পূৰ্বঘোষিত ১৫ জনীয়া ভাৰতীয় দলৰ তিনিগৰাকী সদস্য ৱেষ্ট ইণ্ডিঞ্জৰ বাৰবাডোছত ঘূৰ্ণীবতাহৰ বাবে আবদ্ধ হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে প্রথম দুখন খেল...