February 26, 2025 12:24 PM

views 36

দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে মহা শিৱৰাত্ৰি পালন

মহা শিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, ঢেকীয়াজুলিৰ বাবা গুপ্তেশ্বৰ দেৱালয়, হলেশ্বৰ দেৱালয়, ন-দুৱাৰ সমষ্টিৰ নাগশংকৰ দেৱালয়, নেঘেীটিঙকে ধৰি বিভিন্ন স্থানত আশুতোষৰ আৰাধনাৰ বাবে ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ শিৱমন্দিৰসমূহো পূজাৰ বাবে সজাই পৰাই তোলা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণ...

February 25, 2025 7:36 PM

views 41

ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ ব্যাপক প্রস্তুতি

কাইলৈ মহা শিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। শিৱ মন্দিৰসমূহ পূজাৰ বাবে সজাই পৰাই তোলা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত শিৱৰাত্ৰি উদযাপন সমিতিয়ে চি চি টিভি কেমেৰা সংস্থাপন কৰিছে। আজি দিনৰ ভাগত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়...