May 15, 2025 9:01 PM

views 35

মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতপ্রোতভাৱে জড়িত বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মন্তব্য

মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছে আৰু ৰাজ্যখনৰ উন্নয়নত কৃষি খণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনত উদ্যান শস্য মহাবিদ্যালয়ৰ বিদ্যায়তনিক চৌহদ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মুকলি কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে তেতেলী, সুমথিৰা, কল, আম, মাটিকঁঠাল, বিলাহী, বেঙেনা আৰু লতাজাতীয় পাচলিকে ধৰি ভালেমান পাচলিৰ বাবে ৰাজ্যখনৰ জলবায়ু খুবেই অনুক...