May 24, 2025 4:02 PM

views 63

মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই লিলি উৎসৱৰ আজি সামৰণি

উত্তৰ পূবৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই লিলি উৎসৱৰ আজি সামৰণি পৰিব। এই উৎসৱ ২০ মে'ত আৰম্ভ হৈছিল আৰু আজি সন্ধিয়া বক্সি গ্রাউণ্ডত এই উৎসৱৰ সামৰণি পৰিব। ৰাজ্যখনৰ সংস্কৃতিৰ সৈতে ওতঃপ্রোত সমন্ধ থকা চিৰই লিলিৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৫ দিনীয়া উৎসৱৰ আয়োজন কৰা হৈছিল। সামৰণিৰ দিনা আজি বিভিন্ন সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ উপৰি চিনেমা প্ৰদৰ্শন, ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেল আৰু অন্যান্য কেতবোৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চিৰই লিলি হৈছে মণিপুৰৰ ৰাজ্যিক ফুল। এটা ব্ৰিটিছ দম্পতিয়...

May 20, 2025 9:23 PM

views 80

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি চিৰুয়ি গাঁওৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগলিক আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। এই মহোৎসৱ মণিপুৰত পোৱা দুষ্প্ৰাপ্য প্ৰজাতিৰ শ্বিৰুয়ি লিলি ফুলৰ সংৰক্ষণ আৰু ইয়াৰ জনপ্ৰিয়কৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। এইবাৰ এই প্ৰজাতিৰ ফুলবিধৰ আৱিস্কাৰ...